অসমৰ জাতীয় উৎসৱ হিচাপে বিহুঃ এক ঐতিসাহিক বিশ্লেষন

in Article
Published on: 17 April 2018

A schoolteacher in Assam, Ridip Kumar is a poet.
He has worked with Mishing and Tea Garden communities of Assam in various capacities.

                  

সাংস্কৃতিক চেতনাৰ দিশেদি অসমীয়া মানুহৰ অন্তর্জগতখনত ভুমুকি মাৰিলে পোন- প্রথমে বিহুৰ কথাই মনলৈ আহে, অন্ততঃ সাধাৰন শ্রেনী জনতাৰ মাজত। ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা এই ভূ-খণ্ডত বিভিন্ন নৃগোষ্ঠীয় লোকে তেঁওলোকৰ উৎসৱ-অনুষ্ঠান সমূহ পালন কৰি আহিলেও সাম্প্রতিক সময়ত জাতি, বর্ণ, ধর্ম নির্বিশেষে অসমৰ মানুহে জাতীয় উৎসৱ বুলি আদৰি লোৱা উৎসৱটিয়েই হ’ল বিহু। ভাৰতবর্ষৰ বিভিন্ন স্থানতো ‘বিহু’ অসমীয়া মানুহৰ অন্যতম সাংস্কৃতিক পৰিচয়। তাহানিৰ মুকলি পথাৰ আৰু গছতলৰ বিহুৱে এতিয়া দুৰদর্শন-ইন্টাৰনেটটো প্রৱেশ কৰিলে। তদুপৰি প্রৱাসী অসমীয়া সকলৰ জৰিয়তে বিহুৱে আজি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বিদেশৰ মঞ্চও কঁপাবলৈ সক্ষম হৈছে। স্বাভাৱিক ভাবেই এনেবোৰ কাৰণতে বিহুক কেৱল সাংস্কৃতিক চেতনাৰ দিশেদিয়েই নহয়, জাতীয় চেতনা উদ্দীপনৰো অন্যতম বাহক হিচাপে অভিহিত কৰিব পাৰি। কাৰণ বিহু হ’ল অসমৰ সকলো জনগোষ্ঠীৰ সমন্বয়ৰ প্রতীক। ই একক আৰু অনন্য। ভাৰতবর্ষৰ আন ঠাইত এনে উৎসৱৰ চানেকি বিৰল। স্বাভাৱিকতেই গো-বলয়ৰ আর্যীকৰণ তত্ত্বক নস্যাৎ কৰি অসমীয়া জাতি-সত্বাক পৃথকভাৱে গঢ়ি তোলাৰ ক্ষেত্রত সবাতোকৈ বৃহৎ অৱদান ৰখা উৎসৱটিয়েই হ’ল- বিহু- অসমৰ জাতীয় উৎসৱ।

 

আমাৰ বহুতৰে মনত সততে এক প্রশ্ন উদয় হয় যে প্রাচীন অসমত ইমানবোৰ জাতি-জনগোষ্ঠীৰ লোকাচাৰ, অনুষ্ঠান, উৎসৱ আদি থাকোঁতে বিহুনো কিয় জাতীয় উৎসৱ হ’ল? বিহুৰ পৰিবর্তে অন্যান্য উৎসৱেওটো জাতীয় উৎসৱৰ মর্যদা পাব পাৰিলেহেতেন! এই প্রশ্নৰ উত্তৰ পাবলৈ বিহুৰ উৎস আৰু ঐতিহাসিক পটভূমি সম্পর্কে অধ্যয়নৰ গত্যন্তৰ নাই। কাৰন বর্তমান সময়ত ব্যাপক পৰিসৰ লাভ কৰা  বিহুৱে এদিনতে আজিৰ পর্যায় পোৱাহি নাছিল। যুগ-যুগান্তৰৰ পৰা এই ভূ-খণ্ডত বাস কৰা প্রতিটো জনগোষ্ঠীৰ বহুমুলীয়া উপাদানে আমাৰ চেনেহৰ বিহুটিক চহকী কৰি আহিছে।

 

এসময়ত বিহু শব্দটো সংস্কৃত শব্দ ‘বিষু’ বা ‘বিষুবণ’ৰ পৰা আহিছে বুলি বর্ণ হিন্দু পণ্ডিতে কৰা মন্তব্যক বিশ্বাস কৰিছিলো যদিও বিস্তৃত অধ্যয়ন আৰু প্রনালীবদ্ধ গৱেষনাই এনে মতবাদৰ সাৰশূন্যতাক প্রমান কৰিলে। দৰাচলতে বিহুত আর্যমুলীয় উপাদান নৃতান্তই গৌণ, কাৰন বিহু হ’ল মূলতঃ মংগোলীয় সকলৰ উৎসৱ। অষ্ট্রীক সকলৰ পিছতে অসমৰ এই ভূ-খণ্ডলৈ অহা তীব্বত-বর্মী আৰু তাই বা শ্যাণ সকলেই বিহুক অসমত প্রতিষ্ঠা কৰিছিল।তীব্বত-বর্মী সকলৰ বড়ো, মিচিং, চুতীয়া, মৰাণ, মটক, কছাৰী, ডিমাচা, তিৱা, ৰাভা আদি আৰু তাইসকলে বিহুক বৈছাগু, আলি-আয়ে-লিগাং, বিছু, বুচু, বিছুৱা, দোমাহী, পয়হু, পিহু আদি বিভিন্ন নামেৰে অতীজৰে পৰা পালন কৰি আহিছিল। এই সকলোবোৰ উৎসৱেই বসন্তকালীন আৰু কৃষিভিত্তিক উৎসৱ। এনে পটভূমিত, গৰিষ্ঠ সংখ্যক মংগোলীয় মূলৰ বাসিন্দাৰে ভৰা ৰাজ্য এখনত মংগোলীয় সকলৰ উৎসৱ বিহুৱে জাতীয় উৎসৱৰ মর্যদা লাভ কৰা বুলি ভাবিবৰ থল আছে।

 

 

 

মংগোলীয় সকলৰ ভিতৰত চুতীয়া সকলে উজনি অসমৰ শদিয়া অঞ্চলক কেন্দ্র কৰি আহোম সকল অহাৰ বহু আগতেই এখন শক্তিশালী ৰাজ্য স্থাপন কৰিছিল। চুতীয়া সকলৰ ৰাজত্ব কালতেই এই ভূ-খণ্ডত পোন-প্রথমে বিহুৱে পোখা মেলিছিল আৰু পৰৱর্তী সময়ত আহোমসকলে ইয়াৰ লালন-পালন কৰিছিল। ডঃ পৱন চন্দ্র শইকীয়াই ‘দেউৰী চুতীয়া’ত তথ্য সহকাৰে উল্লেখ কৰিছে যে,-'চুতীয়া ভাষাত বিহুক "বিচু" বুলি কোৱা হয়। "বি" মানে অতি, "চু" মানে আনন্দময় বুজায়। গতিকে, "বিচু" শব্দটি অপ্রভংশ হৈ ‘বিহু’ শব্দৰ উৎপত্তি হৈছে।'[1] আনহাতে, গৱেষক ডিম্বেশ্বৰ গগৈয়ে মত প্রকাশ কৰিছে যে,- 'টাই ভাষাৰ ‘পয়হু’ শব্দই গো-পূজা বা গো-উৎসৱ বুজায়। "পয়" মানে উৎসৱ আৰু "হু" মানে গৰু।... বহাগ বিহুৰ আগদিনা গৰুক গা-ধুৱাই গো-পূজা কৰা,...আৰু পবিত্র গৰুৰ ছালৰ বাদ্যক আগস্থান দি গো-পূজাৰ দৰে সন্মান জনোৱা হয় বাবে এই উৎসৱক "পয়হু" বোলা হয়। সেই "পয়হু" শব্দৰ অপভ্রংশই "বিহু" হোৱা বুলি কৰা ধাৰনা অমুলক নহয়।'[2] অৱশ্যে বিহুৰ ভাৱ আৰু অর্থৰ দিশেদি বিচাৰ কৰিলে চুতীয়া ‘বিচু’ শব্দৰেই অপভ্রংশ বুলি অনুমান কৰিব পাৰি।

 

‘বিচু’ নাইবা ‘পয়হু’, য’ৰ পৰাই বিহুৰ উৎপত্তি নহওঁক কিয়, বিহু মুলতঃ মংগোলীয় সকলৰ অৱদান। দেহৰ ৰন্ধ্রে ৰন্ধ্রে বিহুৰ বীজ নিহিত হৈ থকা চুতীয়া সকলৰ ৰাজত্বৰ পতন হৈছিল এই বিহুৰ বাবেই। আনহাতে, আহোম-সকলে এই বিহুৰ জৰিয়তেই চলেৰে মোৱামৰীয়াৰ হাতৰ পৰা ৰাজ্যোদ্ধাৰ আৰু চুতীয়া ৰাজ্য জয় কৰিছিল। চুতীয়া ৰাজ্য পতনৰ পাছত আহোমসকলৰ শাসন কালত বিহুৱে অধিক বিস্তৃতি লাভ কৰে। ‘সাত ৰাজ মাৰি এক ৰাজ কৰা’ আহোম স্বর্গদেউ সকলৰ পৃষ্ঠপোষকতাই বিহুক অন্য মাত্রা প্রদান কৰিলে। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বর্গদেউ সকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে। এই সন্দর্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱাঃ 'কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নির্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেঁও ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্র কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্রেনী আমি নেপাও।'[3] আহোম ৰজা সকলে বিহুক কেন্দ্র কৰি বিষয়বাব বা ধাৰক–বাহক হিচাপে এটা শ্রেনীৰ সৃষ্টি নকৰিলেও তেঁওলোকৰ বিহু প্রীতি সর্বজন বিদিত। জয়ধবজ সিংহৰ ৰাজত্ব কালত অসম আক্রমনকাৰী মিৰজুমলাৰ লগত অহা পার্চী ইতিহাসবিদ চিহাবুদ্দিন তালিচে তেঁওৰ অসম-সম্বন্ধীয় টোকাত স্বর্গদেউ সকলৰ বিহুপ্রীতিৰ কথা উল্লেখ কৰিছে। আনহাতে জমিলি নামৰ ভ্রমণকাৰী এজনে লিখিছে-'...ৰাজকাৰেঙৰ ওচৰতে বিশেষভাৱে সজোৱা বিহুতলিলৈ ৰজা আহে ৰং চৰোৱা হাতীত উঠি। সোণ চৰোৱা সাজপাৰ আৰু মুকুট পিন্ধি অহা ৰজাৰ চাৰিওকাষে খোজকাঢ়ি আহে যাঠি আৰু চেপেটা তৰোৱালধাৰী দেহৰক্ষী। পাছে পাছে দোলাভাৰীয়ে কান্ধেৰে কঢ়িয়াই অনা দোলাত আহে পাত্র- মন্ত্রীসকল। সমবেত দর্শকসকলে অলপ দূৰৈৰ পৰা ৰজাক সেৱা জনায়। বিহুৱা দলবিলাকে বিহু নৃত্য কৰে। ... ৰজাই নাচ-গান দেখি সন্তুষ্টি প্রকাশ কৰে আৰু প্রশংসা কৰে।'[4]

 

যি কি নহওক, আহোম স্বর্গদেউসকলৰ দিনতেই পথাৰ আৰু গছতলৰ বিহু আহি ৰংঘৰৰ বাকৰি শুৱনি কৰিলে। বুৰঞ্জীত উল্লেখ নেথাকিলেও স্বর্গদেউ ৰুদ্রসিংহই পোনপ্রথমে বিহুক জাতীয় উৎসৱ হিচাপে ৰাজকীয় মর্যদা দিয়ে বুলি কথিত আছে। গতিকে ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰ ফলতেই আজি আমি বিহুটিক জাতীয় উৎসৱ হিচাপে পালন কৰিবলৈ পোৱাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি।

 

 

ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিলেও আহোম ৰাজত্বত বিহু প্রধানকৈ উজনি অসমতে সীমাবদ্ধ আছিল। কিয়নো আহোমসকলৰ ৰাজত্বও আছিল ৰংপুৰ কেন্দ্রিক। এই সময়ছোৱাত বিভিন্ন জনগোষ্ঠীয়ে বিহু পালন কৰিলেও নামনি অসমৰ সমাজখনক বিহুৱে স্পর্শ কৰিব পৰা নাছিল আৰু এই ধাৰা কুৰি শতিকাৰ পঞ্চাশৰ দশকলৈকে অব্যাহত আছিল। আনহাতে, আহোমসকলৰ পৰৱর্তী বৃটিছৰ শাসনকালত বিহুৱে পৃষ্ঠপোষকতাৰ পৰিৱর্তে প্রত্যাহবানৰহে সন্মুখীন হৈছিল অধিক। তথাপিও বিহুৱে অসমৰ প্রধান উৎসৱৰ মর্যদা হেৰুওৱা নাছিল। অসমৰ গাভৰুৰ দেহত- নাচত ‘wanton movement(!)’[5] দেখা পালেও বৃটিছ লেখক উইলিয়াম ৰবিনছনকে আদি কৰি বহুজনে বিহুক অসমৰ প্রধান উৎসৱ বুলিয়ে অভিহিত কৰি গৈছে। অৱশ্যে তেঁওলোকৰ মতে বিহু দুটাহে। উইলিয়াম ৰবিনছনে তেঁওৰ ‘A Descriptive Account of Assam’ গ্রন্থত বিহুৰ বিষয়ে লিখিছে, 'The Assamese have two principal festivals, called Bihu. The first festival of the year termed the Baisak Bihu and is celebrated in the first three days of Baisak. On this occasion people devote the whole of the first day to mutual visit and compliment, as Europeans to the first day of the year.'[6] বৃটিছ সকলৰ উপৰিও ৰামকুমাৰ বিদ্যাৰত্নৰ ‘উদাসীন সত্যশ্রবাৰ অসম ভ্রমন’(১৮৮১) শীর্ষক গ্রন্থত বিহুক অসমৰ জাতীয় উৎসৱ হিচাপে অভিহিত কৰিছে। এনেধৰনৰ মত আৰু উদ্ধৃতি সমুহৰ পৰা এইকথা প্রমানিত হয় যে, বৃটিছ শাসনৰ সময়ছোৱাতো বিহু অসমৰ, বিশেষকৈ উজনি অসমৰ জনসাধাৰনৰ মাজত সবাতোকৈ জনপ্রিয় উৎসৱ আছিল।

 

আনহাতে, বৃটিছ শাসনৰ সময়ছোৱাতে বিহুৱে আটাইতকৈ কঠিন প্রত্যাহবানৰ সন্মুখীন হৈছিল। সেই সময়ৰ সামাজিক সংঘাতে বিহুৰ অস্তিত্বৰ প্রতি একপ্রকাৰ ভাবুকি কঢ়িয়াই আনিছিল। বিশেষকৈ, পাশ্চাত্যৰ ন-শিক্ষাৰে শিক্ষিত তথা কলিকতীয়া বাবু সংস্কৃতিত দীক্ষিত কিছু মধ্যবিত্ত লোকে বিহুক অশ্লীল বুলি অভিহিত কৰিছিল।এই সকলৰ ভিতৰত বাংলাভাষাত আসাম বুৰঞ্জীৰ প্রনেতা হলিৰাম ঢেকীয়াল ফুকন, গুনাভিৰাম বৰুৱা, কমলাকান্ত ভটাচার্য আদি আছিল অন্যতম। আনহাতে প্রথম অসমীয়া কাকত ‘অৰুণোদই’ আৰু ডিব্রুগড়ৰ পৰা প্রকাশিত তাৰানাথ চক্রৱর্তীৰ ‘অসম বান্ধৱ’ৰ দৰে সংবাদপত্রও আছিল বিহু-বিৰোধী। মাহেকীয়া কাকত ‘আসাম বান্ধৱ’ আৰু কবি বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাৰ দৰে লোকে এঢাপ ওপৰলৈ উঠি বিহুৰ পৰিবর্তে অসমৰ জাতীয় উৎসৱ ‘দুর্গা-পূজা’ হ’ব লাগে বুলি মত প্রকাশ কৰিছিল। বৰবৰুৱাৰ মতে, “বুঢ়াৰজা স্বর্গদেৱৰ দিনত ১৫৩৫ শকৰে পৰা অসমত দুর্গাপূজাৰ প্রচলন হলেও আজি ইমান দিনে সেই পূজা অসমীয়া জাতিৰ জাতীয় উৎসৱ শাৰীত কিয় সোমাব পৰা নাই, তাক ভাবিহে আমি আচৰিত মানিছো।”[7] স্বাভাৱিকতেই সেই সময়ৰ কলিকতীয়া চাকচিক্যত মোহিত এচাম অসমীয়া মধ্যবিত্তৰ এনে মন্তব্য অৱধাৰিত আছিল।

 

১৮২৯ চনতেই হলিৰাম ঢেকিয়ায়াল ফুকনে বিহুৰ বিৰুদ্ধে বিষোদগাৰ কৰিলেও, আচল প্রত্যাহবান আহিল ১৮৯৮ চনত। এই বর্ষতে প্রথম ইংৰাজী-অসমীয়া অভিধান প্রনেতা বুদ্ধীন্দ্রনাথ ভটাচার্যই ৰাষ্ট্রীয় পর্যায়ৰ 'The National Guardian' কাকতত বিহুক ‘notorious’ আখ্যাৰে “The Assamese Bihoo” শীর্ষক প্রৱন্ধ লিখি ইয়াক নিষিদ্ধ কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰক আবেদন জনাইছিল। ভটাচার্যৰ কথা মতেই বৃটিছ চৰকাৰে বিহুক নিষিদ্ধকৰনৰ ব্যৱস্থা গ্রহন কৰে। কিন্তু সেই সময়ৰ নগাঁও আদালতৰ তৰণী আনন্দ দাসৰ উদ্যোগত পুৰনিগুদাম অঞ্চলৰ হালোৱা গাঁৱৰ ঢোলৰ ওজা মৈমত টাটিঙা হাজৰিকা আৰু তেখেতৰ ভনীয়েক চেনি গাভৰুৱে অন্য কেইজনমান সহযোগীৰ সৈতে গুৱহাটীত গর্ডন চাহাবৰ আগত বিহু নাচি প্রমান কৰিছিল যে, বিহু নাচত অশ্লীলতাৰ পৰিৱর্তে অসমীয়া জনজীৱনৰ কলাত্মক উপস্থাপনহে আছে। উল্লেখযোগ্য যে, মৈমত টাটিঙাক ধর্মসুত্রে মুছলমান বুলি জনা যায়। এই কথাই ইয়াকো প্রমান কৰে যে বিহু ধর্ম বা বর্ণৰ মাজতে সীমাবদ্ধ নাছিল, ব্যতিৰেকে সকলো কৃষিজীৱি মানুহৰ সঞ্জীৱনী সুধাস্বৰুপহে আছিল। সেইবাবেই হয়তো ধর্মীয় গণ্ডীৰ ভিতৰত থকা দুর্গাপূজাই বিহুক চেৰাই জাতীয় উৎসৱৰ মর্যদা ল’বলৈ সক্ষম নহ’ল। বৰং এক উদাৰ আৰু গণতান্ত্রিক সমাজ ব্যৱস্থাৰ প্রতিভু হিচাপে বিহুৱে উজনিৰ পৰা মধ্য অসম হৈ নামনিলৈও জনপ্রিয়তা লাভ কৰি জাতীয় উৎসৱৰ মর্যদা পাবলৈ সক্ষম হ’ল।

 

অন্যহাতে, বিহুবিৰোধী সকলৰ বিপৰীত মেৰুত অৱস্থান কৰি ইয়াৰ প্রতিষ্ঠাত ব্রতী আছিল অসমৰ সুযোগ্য সন্তানসকল। এইক্ষেত্রত বিলাত ফেৰৎ অভিযন্তা বলিনাৰায়ন বৰা, পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈৰ দৰে অসমৰ মহান ব্যক্তিসকলৰ নাম বিশেষভাবে প্রনিধানযোগ্য। সাহিত্যৰথী বেজবৰুৱা আছিল ইয়াৰ সৱল নেতৃত্বত। অৱশ্যে বেজবৰুৱাইও ৰত্নেশ্বৰ মহন্তৰ দৰে বেয়াখিনি আঁতৰাই শুদ্ধ অমৃত পিয়াত বিশ্বাসী আছিল।পৰৱর্তী যুগত জ্যোতিপ্রসাদ আগৰৱালা, হেমাংগ বিশ্বাসৰ দৰে ব্যক্তিত্বও আছিল বিহুৰ প্রৱল শুভাকাংক্ষী। এইসকল মহান সাহিত্যিকৰ কাপৰ পৰা নিগৰিত বাণীসমুহেও বিহুক আজি সর্বজনগ্রাহ্য হিচাপে জাতীয় উৎসৱ হোৱাৰ ক্ষেত্রত বিশেষভাৱে অৰিহণা যোগালে। বিহুৰ প্রসংগত এবাৰ হেমাংগ বিশ্বাসে কৈছিল,“ যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত সি নাই বিহুগীতত। অসম আৰু অসমীয়া জনমানসৰ নির্ভূল দাপোন এই বিহু।অসমৰ পাহাৰ-পর্বত, চৰাই-চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কর্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰামা ভাৰতৰ লোকসংগীতত বিৰল। বিহুৰ সহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ।”[8]

 

 

স্বাধীনোত্তৰ কালত দেশৰ শাসন ব্যৱস্থাৰ লগতে বিহুলৈও আমোল পৰিবর্তন আহিল। বিশেষকৈ পৰিবেশনৰ স্থানৰ ক্ষেত্রত। তাহানিতে বিহু হৈছিল পথাৰত, গছতলত, ৰজাঘৰৰ বাকৰিত অথবা হুচৰিৰ ৰুপত গৃহস্থৰ চোতালত। কিন্তু কুৰি শতিকাৰ মাজভাগত বিহু গৈ মঞ্চত উঠিলগৈ। ১৯৩৪ চনত গোলাঘাট জিলাৰ বেতিয়নী অঞ্চলৰ মঞ্চত বিহু পৰিবেশনৰ তথ্য পোৱা যায়। পৰৱর্তী সময়ত ১৯৫২ চনত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত আয়োজিত বিহু সন্মিলনেই আছিল সবাতোকৈ চর্চিত বিহু মঞ্চ। দৰাচলতে এইখন মঞ্চৰ আদর্শতেই অসমত সর্বত্র মঞ্চবিহুৰ জনপ্রিয়তাৰ ভেটিটো গঢ়ি উঠিল।

 

বিহুক মঞ্চত উপস্থাপনৰ ফলত ইয়াৰ জনপ্রিয়তাৰ দিশটো শক্তিশালী হ’ল ঠিকেই, কিন্তু নগৰীয়া দর্শকৰ ৰুচি অনুসৰি তথাকথিত আধুনিকীকৰণৰ প্রয়াসে বিহুৰ লোক-সংস্কৃতিক বৈশিষ্ট্যৰ প্রতিও ভাবুকি কঢ়িয়াই আনিলে। পঞ্চাশ বা ষাঠীৰ দশকৰ মঞ্চ সমূহত বিহুক গাঁৱৰ সৰল ৰুপত উপস্থাপন কৰিলেও পৰৱর্তী সময়ত পৰিবেশনৰ ধৰণসমুহ সলনি হৈ আহিল। পৰিধান-অলংকাৰ আদিৰ দিশেদিও বিহু ক্রমশঃ ধনীৰ উৎসৱ হৈ উঠিল। বিহুমঞ্চ সমূহে বিহুৱা-বিহুৱতী, বিশেষকৈ বিহুৱতী সকলৰ প্রতি ঘোষণা কৰা অর্থিক পুৰস্কাৰ সমূহেও বিহুক গ্লেমাৰাছ কৰি তোলাত বিশেষভাৱে অৰিহনা যোগাইছে। আকৌ এনেবোৰ কাৰণতে, সাধাৰণ কৃষক-শ্রমিকৰ সন্তানে বিহু নচাটো এতিয়াৰ সময়ত একপ্রকাৰ দূৰুহ হৈ পৰিছে। মূগাৰ ৰিহা-মেখেলা, গামখাৰু, ঢোলবিৰি, জোনবিৰি, লোকাপাৰ অথবা ডুগডুগী আদিৰে সজ্জিত হৈ মঞ্চত বিহু নচাটো সাধাৰণ ঘৰৰ ছোৱালী এজনীৰ বাবে এতিয়া অলীক সপোনৰ দৰেহে। ফলস্বৰুপে, কৃষিজীৱি মানুহৰ হাতৰ পৰা বিহু আঁতৰি গৈ ক্রমশঃ বিত্তশালীৰ হাতত পৰিলগৈ। একপ্রকাৰে, বিত্তবান সকলেই খেতিয়কৰ বিহুটিক হাইজেক কৰিলে।

 

কৃষিজীৱি মানুহৰ উৎসৱ এটা মধ্যবিত্ত শ্রেণীৰ হাতত লালিত-পালিত হ’লে কেনে ৰুপ পৰিগ্রহ কৰে, তাৰ উৎকৃষ্ট উদাহৰণ হ’ল বর্তমান সময়ৰ বিহু মঞ্চসমূহ। এই প্রসংগত অধ্যাপক পদ্মেশ্বৰ গগৈদেৱে ‘ আজিৰ বিহু তাহানিৰ বিহু’ শীর্ষক প্রৱন্ধত কৰা এটি মন্তব্য বিশেষভাৱে উল্লেখযোগ্য। তেখেতৰ মতে, 'এতিয়া বিহু পাতিবলৈ লোৱা মানুহখিনিৰ মাজত এজনো খেতিয়ক নোলাব, এজনো খাটি খোৱা মানুহ নোলাব, এতিয়াৰ বিহু পতা সকলে কেৱল আনুষ্ঠানিকতাহে কৰে। বিহু আহিছে, বিহুটো পাতিব লাগে, বচ ইমানেই। অন্তঃকৰণেৰে নেভাবে। বিহু আহিছে বুলি খেতিয়ক এজনে হিচাপ কৰিব; যে বিহুৰ আগতে মই এই কামখিনি শেষ কৰি ল’ব লাগিব। মহিলা হ’লে তাঁতযুটি বৈ শেষ কৰিব লাগিব, ঘৰ-দূৱাৰ চাফা কৰাৰ কাম শেষ কৰিব লাগিব- এনেকৈহে ভাবিব। যাৱতীয় কামখিনি শেষ কৰি লৈ বিহুৰ দিনকেইটা তেঁওলোকে যেনেকৈ উপভোগ বা আনন্দ কৰিব, চাকৰি কৰা মানুহ বা খাটি নোখোৱা মানুহে তেনেকৈ কৰিব নোৱাৰে। খাটি খোৱা মানুহক বাদ দি বা যাৰ বস্তু তেঁওলোকৰ পৰা টানি আজুৰি আনি অন্য এটা চামে পাতিবলৈ লোৱাৰ ফলত বিহুৰ নানা ধৰনৰ বিকৃতি ঘটিছে। চাকৰি বাকৰি কৰা মানুহে পতা বিহু কেৱল আনুষ্ঠানিকতাহে।'[9]

 

অজস্র অর্থ ব্যয়েৰে মধ্যবিত্তৰ হাতত আয়োজিত মঞ্চৰ বিহুত লোক-সাংস্কৃতিক বৈশিষ্ট্য সমুহ ক্রমশঃ লোপ পালেও ইয়াৰ কিছুমান ইতিবাচক দিশো নথকা নহয়। বিশেষকৈ, বিহুক অসমৰ চুকে কোনে জনপ্রিয় কৰি তোলাৰ ক্ষেত্রত মঞ্চ সমুহৰ অৱদান অনস্বীকার্য। ষাঠী-সত্তৰ দশকত, গুৱাহাটীত অধ্যয়নৰত উজনিৰ ডেকা ল’ৰাই সম্ভ্রান্ত গুৱাহাটীয়াৰ ঘৰত হুচৰি জুৰিবলৈ গৈ ‘উজনীয়া কেলেহুৱাহঁত’ বুলি গালি শুনাৰ উদাহৰণ আছে।কিন্তু মঞ্চবিহুৰ প্রসাৰে এই স্থিতাৱস্থাৰ পৰিবর্তন আনিবলৈ সক্ষম হ’ল। দৰাচলতে, বিহুক জাতীয় উৎসৱ বুলি কলেও অতীতৰ নামনি অসমত ইয়াৰ প্রচাৰ আৰ প্রসাৰ আছিল একেবাৰে সীমিত। কিন্তু মঞ্চৰ মাৰফৎ নামনিৰ জনগনেও বিহুক জাতীয় উৎসৱ হিচাপে আদৰি ললে আৰু ইয়াৰ লগত জড়িত হৈ পৰিল। তেঁওলোকে বিহুৰ লগত জড়িত লোকাচাৰ সমুহ সম্পুর্ণৰুপে পালন নকৰিলেও মঞ্চত বিহু আয়োজনৰ জৰিয়তে ‘বিহু আমাৰ জাতীয় উৎসৱ’ বুলি ক’বলৈ দ্বিদ্ধাবোধ নকৰা হ’ল।ইয়াৰ দ্বাৰা নিশ্চিতভাৱে এইকথা প্রমানিত হয় যে, প্রকৃতার্থত বিহুৱে জাতীয় উৎসৱৰ মর্যদা পোৱাৰ ক্ষেত্রত বিহু মঞ্চসমুহৰ অৱদান অপৰিসীম।

 

বিহু মঞ্চ সমুহৰ ওপৰিও বিহুক অসমৰ সকলো ঠাইতে আদৰি লোৱাত সহায় কৰা আনসমুহ মাধ্যম হ’ল-গ্রাম’ফোন ৰেকর্ড, অডিঅ’ কেছেট, ৰেডিঅ’ আৰু বিহুভিত্তিক ভি চি ডি ছবি সমুহ। গ্রাম’ফোন ৰেকর্ডত ডঃ ভূপেন হাজৰিকা অথবা সত্রৰ মধ্যযুগীয়া ৰক্ষণশীলতাৰ গণ্ডী পাৰ হৈ শুদিৰৰ মুখৰ বিহুনাম গোৱা গোঁসাইৰ ল’ৰা খগেন মহন্তৰ দৰে মহান শিল্পীৰ জড়িতকৰণে বিহুনাম আৰু বিহুসুৰীয়া গীতসমুহ অসমৰ সকলো প্রান্ততে বিয়পাই দিয়াত সহায় কৰিলে। তদুপৰি আশীৰ দশকৰ পৰা এই শতিকাৰ প্রথম দশকলৈকে শ্রুতা সকলৰ প্রতি নিবেদিত অডিঅ’ কেছেটৰ বিহু এলবাম সমুহেও বিহুগীত সমুহ জনপ্রিয় কৰি তোলাত বিশেষ অৰিহনা যোগালে। এই ক্ষেত্রত বিহু ভিত্তিক ভিচিডি ছবি সমুহৰ অৱদানো কোনো গুনে কম নহয়। অৱশ্যে সৰহ সংখ্যক বিহুগীতৰ এলবামতে প্রকৃত বিহুনাম সুদূৰপৰাহত। বহু সময়ত, লেহেৰিয়াই আই নাম-বিয়া নাম- নাগাৰা নাম আদিৰ বিভিন্ন সূৰত গোৱা এই গীত সমূহে প্রকৃত বিহুনামক প্রতিনিধিত্ব নকৰিলেও জনপ্রিয়তা অর্জনত ঠিকেই সফলতা লাভ কৰিছিল। এই সময়ছোৱাত বহু গায়ক- গায়িকাই জনপ্রিয় হিন্দী চিনেমাৰ গীতৰ সুৰতো বিহুগীত সমুহক বিকৃতভাৱে সজাবলৈ অপচেষ্টা কৰা দেখা গৈছিল। এনেধৰণৰ প্রচেষ্টা নিশ্চিতভাৱে নিন্দনীয় আৰু গৰিহণাযোগ্য, কিন্তু বিহুক জনপ্রিয় কৰাৰ ক্ষেত্রত অডিঅ’ কেছেটৰ বিহু এলবাম সমুহৰ অৱদান অতি উল্লেখনীয়।

 

অন্যহাতে, এই শতিকাৰ প্রথম দশকত আবির্ভাৱতে জনপ্রিয়তাৰ শীর্ষস্থান দখল কৰি হঠাৎ অদৃশ্য হৈ যোৱা বিহু ভিত্তিক ভি চি ডি ছৱি সমুহেও বিহুক অধিক জনপ্রিয় হোৱাত সহায় কৰিলে।বিশেষকৈ দৃশ্য আৰু শ্রাব্য দুয়োটা মাধ্যমতেই উপলব্ধ হোৱাৰ বাবে পৰম্পৰাগত তান নাথাকিলেও নতুনকৈ বিহুনাচ-বিহুনাম আয়ত্ব কৰাৰ ক্ষেত্রত, বহুতৰ বাবে সহজ হৈ পৰিল। ফলস্বৰুপে, বিহুৰ জনপ্রিয়তা আৰু চর্চা আগতকৈ বৃদ্ধি পালে।

 

শেহতীয়াকৈ, ব্যক্তিগত মালিকাধীন টি ভি চেনেল সমুহেও বিহুক সকলো ঠাইতে জনপ্রিয় কৰি তোলাত আগভাগ লৈছে। অৱশ্যে বিহুৰ তিনিমাহমান আগৰে পৰা আৰু তিনিমাহ মানৰ পাছলৈকে বিহুৰ নামত কৰা অযথা প্রচাৰে আপামৰ জনতাক উত্যক্ত নকৰা নহয়। এনেধৰণৰ কার্যবোৰ নিঃসন্দেহে বিয়োগাত্মক প্রচাৰ হিচাপে অভিহিত কৰিব পাৰি। তৎসত্বেও, বিহুক মেলামুখিতাৰে অধিক ৰজগুনীয়া পৰিবেশত উপস্থাপন কৰি মানুহৰ মাজত জনপ্রিয়তা বৃদ্ধি কৰাৰ ক্ষেত্রত এই টি ভি চেনেল সমুহৰ ভূমিকা নুই কৰিব নোৱাৰি।

 

 

সাম্প্রতিক কালত, যথার্থতেই বিহু হ’ল অসমীয়া মানুহৰ সাংস্কৃতিক চেতনাৰ প্রতীক তথা জাতীয় জীৱনৰ উদ্দীপনাস্বৰুপ, অর্থাৎ জাতীয় উৎসৱ। এদেও-দুদেওকৈ অসমবাসী মানুহৰ চিত্ত জয় কৰি বিহু আজি এই স্থানত উপবিষ্ঠ হৈছে। লোক-সংস্কৃতিৰ সকলো উপাদানেৰে ভৰপূৰ এই উৎসৱটি জাতীয় জীৱনৰ প্রধান উৎসৱ হৈ উঠাৰ বিভিন্ন কাৰণসমুহ পূর্বতে চমুকৈ আলোচনা কৰিলেও এটি বিশেষ দিশ বাদ পৰি গৈছে। অসমখন যিহেতু কৃষিজীৱি মানুহৰ ৰাজ্য, গতিকে স্বাভাৱিকতেই কৃষিভিত্তিক উৎসৱ এটাই জাতীয় উৎসৱৰ মর্যদা লাভ কৰিছে ধৰণৰ মতামতক স্বীকাৰ কৰিও আমি ভাষিক দৃষ্টিকোণৰ পৰা বিষয়টো অন্যধৰণেৰে বাখ্যা কৰিব পাৰো।

 

সামগ্রিক ভাৱে অসমৰ সাংস্কৃতিক বৈশিষ্ট্য হ’লঃ বৈচিত্রৰ মাজত ঐক্য। এই ভূ খণ্ডৰ প্রধান লোকসাংস্কৃতিক দিশসমুহ মংগোলীয় সকলৰ লগত জড়িত হ’লেও ইয়াত অষ্ট্রিক,ককেছীয় আদি সকলো জনগোষ্ঠীৰেই অৱদান অসামান্য। ভাষিক দৃষ্টিকোণৰ পৰাও ইয়াত ইণ্ডো- ইউৰোপীয়, তীব্বতবর্মী আদি সকলো ভাষা গোষ্ঠীৰেই অৱদান আছে। একেদৰেই ব্রহ্মপুত্র উপত্যকাৰ উজনি আৰু নামনি দুয়োটা অংশৰ মানুহৰ উমৈহতীয়া অৱদানৰ ফলতেই বৃহত্তৰ অসমীয়া জাতি আৰু সংস্কৃতি গঢ় লৈ উঠিছে। তৎসত্বেও আমি লক্ষ্য কৰিলে দেখা পাও যে,জাতীয় জীৱনৰ ধাৰাটোক উজনিৰ পৰা নামনিলৈ সকলো জাতি- জনগোষ্ঠীয়ে সমৃদ্ধ কৰিছে যদিও ইয়াত উজনি কেন্দ্রিক দমন অধিক। বিষয়টো বিতর্কিত বা অপ্রিয় যেন লাগিলেও ইয়াক অস্বীকাৰ কৰিব নোৱাৰি।

 

এসময়ত, উজনি কেন্দ্রিক আহোমসকলৰ শাসন ব্যৱস্থাৰ সমান্তৰালকৈ নামনিত কোঁচসকলৰ এক শক্তিশালী শাসন ব্যৱস্থা আছিল। তদুপৰি এই অঞ্চলৰ সাংস্কৃতিক ঐতিহ্য অতি চহকী আৰু প্রাচীন। বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা ইয়াত এক ঐশ্বর্যশালী সাংস্কৃতিক ধাৰা বিদ্যমান। কামৰুপী লোকগীত, গোৱালপৰীয়া লোকগীত আদিৰ ওপৰিও অসমৰ সবাতোকৈ পুৰণি লোকনাট্য অনুষ্ঠান ওজাপালিয়েই ইয়াৰ উৎকৃষ্ট উদাহৰন। তদুপৰি ম’হহো, ভঠেলী আদিৰ দৰে উৎসৱ সমুহেও এই ভূ-খণ্ডৰ চহকী লোক-সংস্কৃতিক মান্যতা প্রদান কৰিছে। ধর্মীয় গণ্ডীৰ ভিতৰত থাকিলেও বৰপেটা সত্রত উদযাপিত দৌল উৎসৱো নামনি অসমৰ সাংস্কৃতিক ঐশ্বয্যৰ অন্যতম প্রতিনিধি। পিচে, ইমান এক শক্তিশালী সাংস্কৃতিক ঐতিহ্য থকাৰ পিছতো জাতীয় স্তৰত নামনি অসম কেন্দ্রিক উৎসৱৰ উদযাপন বিৰল।

 

সাধাৰণভাৱে নিৰীক্ষণ কৰিলেই আমি দেখিম যে, নামনি অসমৰ সমাজখন খুৱ নাতিদৈর্ঘ স্থানৰ ব্যৱধানতে ভাষাৰ দিশেদি বহুধাবিভক্ত। ইয়াত কামৰুপী, নলবৰীয়া, বৰপেটীয়া, দক্ষিণপৰীয়া বা দক্ষিণ কামৰুপী, গোৱালপৰীয়া আদি বহুতো উপভাষা পোৱা যায়। প্রত্যেক উপভাষা কেন্দ্রিক সমাজৰে সাংস্কৃতিক দিশ সমুহো ইয়াৰ লগতে সংপৃক্ত হৈ থাকে। ফলস্বৰুপে, প্রত্যেকেই একো একোটা পৃথক সাংস্কৃতিক বাতাবৰণক প্রতিনিধিত্ব কৰে। ইয়াৰ বিপৰীতে উজনি অসমত নগঞা, শিৱসাগৰীয়া, আদি পৃথক উপভাষা থাকিলেও সামগ্রিক কথনত পার্থক্য সহজে চকুত পৰা বিধৰ নহয়। এই অঞ্চলটোত বিভিন্ন জনগোষ্ঠীয়ে ঘৰুৱা আলোচনাত নিজৰ জনগোষ্ঠীয় ভাষাত কথা পাতিলেও সংযোগী ভাষা হিচাপে শিৱসাগৰীয়া উপভাষাকেই ব্যৱহাৰ কৰিছিল। আনকি কাষৰীয়া নাগালেণ্ড আৰু অৰুনাচল প্রদেশটো ক্রমে ‘নাগামিজ’ আৰু ‘অৰুণামিজ’ ৰুপে এই উপভাষা সংপৃক্ত দুটি সংযোগী ভাষা গঢ়ি উঠিছে। স্বাভাবিকতেই শিৱসাগৰীয় উপভাষাৰ লগতে এই অঞ্চলৰ কৃষ্টি-সংস্কৃতিয়ে বিস্তাৰৰ অধিক সুবিধা লাভ কৰিলে। এসময়ত এই ভূ-খণ্ডৰ জনসাধাৰণৰ কথিত ভাষাৰ প্রযত্নে আমেৰিকান মিচনেৰী সকলে ধর্মপ্রচাৰৰ সুবিধার্থে ব্যৱহাৰ কৰা শিৱসাগৰ কেন্দ্রিক উজনিৰ উপভাষাটোৱেই মান্যভাষাৰ মর্যদা লাভ কৰিলে। নামনি অসমৰ উপভাষা সমুহে শক্তিশালী ৰুপত বর্তি থাকি মান্যভাষাক সমৃদ্ধ কৰিলেও, ছপা হৰফত ব্যৱহৃত ভাষাৰ অতিৰিক্ত সুবিধাৰে উজনিৰ কৃষ্টি-সংস্কৃতিয়ে জাতীয় সংস্কৃতি ৰুপে গঢ় লৈ উঠাৰ অধিক সুযোগ পালে। বিহুনাম সমুহ প্রধানতঃ উজনিৰ উপভাষাতে ৰচিত। ফলস্বৰুপে, এই ভাষাই মান্য ৰুপত প্রতিষ্ঠিত হোৱাত, বিহুনাম সমুহ জাতীয় স্তৰত প্রতিষ্ঠা পোৱাত সহায়ক হ’ল।

 

বিহুৰ দৰে নামনি বা পশ্চিম অসমৰ জনজীৱনৰ লগত জড়িত ভঠেলি, মহ’হো আদি উৎসৱ সমুহো অসমৰ বাৰে ৰহনীয়া সংস্কৃতিৰ অন্যতম অংশীদাৰ। এই উৎসৱ সমুহে অসমৰ সাংস্কৃতিক ক্ষেত্রখনক অধিক চহকী আৰু বৈচিত্রময় কৰি তুলিছে। কিন্তু, স্থানীয় পৰিধী পাৰ হৈ অসমৰ সকলো ঠাইতে পালনৰ জোখাৰে ইয়াৰ প্রচাৰ অতি সীমিত, ফলস্বৰুপে প্রসাৰো সীমিত। ইয়াৰ কাৰণ হিচাপে আমি পুর্বতে উল্লেখ কৰি অহা ভাষাতাত্বিক দিশসমুহৰ ওপৰিও প্রচীন শাসন ব্যৱস্থা আৰু প্রতিখন ক্ষুদ্র সমাজে পৃথক ভাৱে লালন-পালন কৰা সাংস্কৃতিক চেতনাৰ দিশবোৰৰ কথা উনুকিয়াব পাঁৰো। নিশ্চিতভাৱে ই এক গৱেষণাৰ বিষয়। ইয়াৰ বিপৰীতে উজনিৰ সমাজখনত প্রায় সকলো জনগোষ্ঠীয়েই আছিল বিহু সংস্কৃতিৰ ধাৰক আৰু বাহক।প্রতিটো জনগোষ্ঠীয়েই বিহুক ভিন ভিন নামেৰে বুজালেও কর্ষিত সংস্কৃতিৰ সামঞ্জস্যতাই ইয়াক একক আৰু অনন্য কৰি তুলিলে।

 

অন্যহাতে, কৃষিজীৱি জনতাই কর্ষিত কৰা বিহুৰ দৰে নৃত্য-গীত সম্বলিত বাৰেৰহণীয়া উৎসৱ এটিৰ শক্তিশালী ধাৰা নামনি অসমত কষ্মিন কালেও নাছিল। ফলস্বৰুপে ‘অসমৰ সমাজ জীৱন’ৰ তত্ত্বটো উহ্য ৰাখি, ‘অসমীয়া জাতি’ ৰ দৃষ্টিকোনেৰে বিহু জাতীয় উৎসৱ হৈ উঠাৰ অন্যতম কাৰণ।

 

 

বহুযুগৰে পৰা মংগোলীয় মূলৰ চুতীয়া, আহোম, মৰাণ, মটক আদি জনগোষ্ঠীয়ে পালন কৰি অহা কৃষিজীৱি মানুহৰ উৎসৱ বিহু বর্তমান সময়ত অসমৰ সকলো মানুহৰ আদৰৰ উৎসৱ। এসময়ৰ পথাৰ আৰু গছতলৰ বিহুটি আজিৰ দিনত অসমীয়া মানুহৰ যিকোনো আনন্দময় পৰিবেশ অথবা সংগঠিত ৰুপৰ প্রতীক হিচাপে বিবেচিত হৈছে। অসম আন্দোলন (১৯৭৯-৮৫)ৰ সময়ত, বিভিন্ন সভা- সমিতি অথবা সমদলত বিহুক অসমৰ স্বাভিমান আৰু জাতীয় জাগৰণৰ প্রতীক হিচাপে তুলি ধৰা হৈছিল। ভাষা আন্দোলন (১৯৬০-৬১)ৰ সময়তো মহান গনশিল্পী ডঃ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে শান্তি বাহিনীত মঘাই ওজাৰ জড়িয়তে বিহুক উপস্থাপন কৰি জনগনৰ মাজত শান্তি আৰু একতাৰ বার্তা প্রেৰন কৰাৰ তথ্য পোৱা যায়। ইয়াৰ পৰাই প্রমানিত হয় যে, বিহু অসমৰ জনগনৰ স্বতঃ স্ফুত সাংস্কৃতিক প্রকাশ।

 

বর্তমান সময়ত, বিহু ক্রমশঃ কৃষিজীৱি জনতাৰ হাতৰ পৰা উলাই গৈ মধ্যবিত্তৰ মাৰফৎ বহুজাতিক সংস্থাৰ কুক্ষীগত হৈছেগৈ। অসমৰ জন সাধাৰনৰ জাতীয় আবেগক হাথিয়াৰ হিচাপে লৈ বিহুৰ জৰিয়তে বহিৰাগত বণিয়াই বেপাৰ কৰি মুনাফা লাভৰ সুযোগ লৈছে। আমাৰ মহানাগৰিক সমাজৰ একাংশ শিপাহীন মানুহে ইয়াকে জাতীয় কৃষ্টিৰ কছৰৎ বুলি নির্বিবাদে মানিও লৈছে। অসম আৰু অসমীয়াৰ বাবে ই নিশ্চিতভাৱে এক অশনি সংকেত। তথাপি আমি আশ্বস্ত হ’ব পাৰো যে, অসমীয়া  আৰু বিহু ইটো-সিটোৰ পৰিপূৰক। অসমীয়া থকা লৈকে বিহুও থাকিব অথবা বিহু থকালৈকে অসমীয়াৰ আয়ুস!

          

    

 

 

[1] পৱন চন্দ্র শইকীয়া, ‘কাতি বিহুৰ ৰুপৰেখা’, দেউৰী চুতীয়া, পৃষ্ঠাঃ ১০৯

 

[2] ডিম্বেশ্বৰ গগৈ, ‘অসমৰ বিহু সংস্কৃতিৰ ৰুপৰেখা’, পৃষ্ঠাঃ ১৮-১৯

 

[3] পদ্মেশ্বৰ গগৈ, ‘তাহানিৰ বিহু আজিৰ বিহু’, কথা গুৱাহাটী, এপ্রিল-মে’ সংখ্যা ২০০৮

 

[4] ‘জমিলি নামৰ এজন মুছলমান ভ্রমনকাৰীয়ে বিহুৰ বিষয়ে লিখা টোকা। এই প্রাচীন টোকাটো সন্নিবিষ্ট বুৰজ্ঞীখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ত সংৰক্ষিত হৈ আছে। ডঃ প্রফুল্ল দত্ত গোস্বামীয়ে উল্লেখ কৰা এই টোকাটো তীর্থ ফুকনৰ ‘বিহুৰ ঐতিহ্য তাৎপর্য আৰু সৌন্দর্যৰ সন্ধান’ গ্রন্থত সন্নিবিষ্ট কৰা হৈছে। পৃষ্ঠাঃ ২৬-২৭

 

[5] উইলিয়াম ৰবিনচন, A Descriptive Account of Assam পৃষ্ঠাঃ ২৬৯-২৭০

 

[6] উইলিয়াম ৰবিনচন, A Descriptive Account of Assam পৃষ্ঠাঃ ২৬৯-২৭০

 

[7] হিতেশ্বৰ বৰবৰুৱা, ‘হিতেশ্বৰ বৰবৰুৱাৰ ৰচনাৱলী’,পৃষ্ঠাঃ ৫৭৬

 

[8] হেমাংগ বিশ্বাস,‘হেমাংগ বিশ্বাস ৰচনাৱলী’ সম্পাদনাঃ পৰমানন্দ মজুমদাৰ, অসম প্রকাশন পৰিষদ, গুৱাহাটীঃ২০০৮

 

[9] পদ্মেশ্বৰ গগৈ, ‘আজিৰ বিহু তাহানিৰ বিহু’, কথা গুৱাহাটী, এপ্রিল-মে’,২০০৮